DC Sivasagar Recruitment 2021- Sarkari Gaonburah vacancy

DC Sivasagar Recruitment 2021

DC Sivasagar Recruitment 2021

শিৱসাগৰ জিলাৰ চক্ৰসমূহৰ অন্তৰ্গত গাঁও অথবা গাঁওসমূহত খালি হৈ থকা চৰকাৰী গাঁওবুঢ়া পদসমূহ পূৰণ কৰিবৰ বাবে স্থানীয় উপযুক্ত প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড ixত প্রকাশিত প্ৰ-পত্ৰত (Standard Form of Application) আবেদন কৰিব লাগিব। আবেদনকাৰীয়ে কোনখন গাঁৱৰ গাঁওবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাঁও/গাঁওসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীৰ ভ্ৰাম্যভাস নম্বৰ (ম’বাইল নম্বৰ) স্পষ্টকৈ আবেদনত সন্নিবিষ্ট কৰাটো বাধ্যতামূলক।

DC Sivasagar Recruitment 2021 Details

পদৰ নাম – গাঁওবুঢ়া

ৰাজহ চক্রৰ সংখ্যা – ০৩

Revenue circles wise vacancy with Village details

Eligibility Criteria of Sivasagar Recruitment 2021

১। আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু নিযুক্তি পাবৰ বাবে আবেদন কৰা গাঁৱৰ অথবা গাঁওসমূহৰ ভিতৰৰ এখনৰ স্থায়ী বাসিন্দা হ’ব লাগিব।

২। আবেদনকাৰীৰ বয়স ন্যূনতম ২৫ (পঁচিশ) বছৰ হ’ব লাগিব আৰু শিক্ষাগত অৰ্হতা ন্যূনতম দশম শ্রেণী উত্তীর্ণ হ’ব লাগিব।

৩। আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ’ব লাগিব। |

৪। আবেদনকাৰী আর্থিকভাৱে দেৱলীয়া আৰু কোনাে চৰকাৰী ধনৰ দেনাদাৰ হ’ব নালাগিব।

৫। আবেদনকাৰী চৰকাৰী চাকৰিয়াল হ’বনালাগিব।

৬। আবেদনকাৰীৰ নিজৰ নামত সংশ্লিষ্ট গাঁৱত স্থাৱৰ সম্পত্তি থাকিব লাগিব।

৭। আবেদনকাৰী কোনাে ৰাজনৈতিক দলৰ সদস্য হ’ব নালাগিব।

৮। আবেদনকাৰী সমাজৰ এজন উচ্চ মর্যাদাসম্পন্ন তথা সন্মানীয় আসন থকা ব্যক্তি হােৱাটো বাঞ্ছনীয়।

৯। আবেদনকাৰী প্রাকৃতিক দুর্যোগ বা অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশগ্রহণকাৰী তথা চৰকাৰক সহযােগ কৰা ব্যক্তি হােৱাটো বাঞ্ছনীয়।

১০। আবেদনকাৰীৰ দুটাতকৈ অধিক সন্তান থাকিব নালাগিব।

How to Apply in DC Sivasagar Recruitment 2021

আবেদনকাৰীয়ে অসম গেজেটৰ খণ্ড ixত প্রকাশিত প্ৰ-পত্ৰত (Standard Form of Application) আবেদন কৰিব লাগিব। আবেদনকাৰীয়ে কোনখন গাঁৱৰ গাঁওবুঢ়া পদৰ বাবে আবেদন কৰিছে সেই গাঁও/গাঁওসমূহৰ নাম উল্লেখ কৰাৰ লগতে আবেদনকাৰীৰ ভ্ৰাম্যভাস নম্বৰ (ম’বাইল নম্বৰ) স্পষ্টকৈ আবেদনত সন্নিবিষ্ট কৰাটো বাধ্যতামূলক।

আবেদনপত্র “শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত” ইংৰাজী ২৫/০৮/২০২১ তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব।

আবেদনৰ লগত তলত উল্লেখ কৰা প্রমাণপত্রসমূহ দাখিল কৰাটো বাধ্যতামূলক-

১। স্থায়ী বাসিন্দাৰ প্রমাণপত্র।

২। বয়স আৰু শিক্ষাগত অহাৰ প্রমাণপত্র। (অসম চৰকাৰৰ স্বাকৃতিপ্রাপ্তব’র্ড অনুষ্ঠানৰ প্রমাণপত্র | সংলগ্ন কৰিব)।

৩। বাকীজাই দেনামুক্ত প্রমাণপত্র।

৪। স্থাৱৰ সম্পত্তিৰ প্রমাণপত্র। (কম্পিউটাৰাইজদ শেহতীয়া জমাবন্দী, মাটি থকাৰ প্রমাণপত্র, শেহতীয়া খাজনা আদায়ৰ ৰছিদ ইত্যাদি)

৫। আবেদনকাৰীৰ দুটাকৈ অধিক সন্তান নাই বুলি স্পষ্টকৈ উল্লেখ কৰি এখন শপতনামা দাখিল কৰিব লাগিব।

Majuli Revenue Circle Recruitment CQRT Vacancy Apply here

Important Links of Sivasagar Recruitment 2021

Advertisement Details – Click here

Download Application Form – Click here

Leave a Reply

Your email address will not be published. Required fields are marked *